নিসংগতাৰ আৰে আৰে
সময়ো যেন থমকি ৰয়,
শব্দবোৰ নীৰৱতাই যেন
আঁকোৱালি লয়।
কুঁৱলীৰ আৰে আৰে
সুৰুজৰ কিৰণ ওলাই,
আশাবোৰ পপীয়া তৰা
হৈ গভীৰতাত লুকাই।
চলনাৰ আৰে আৰে
নিঃস্বাৰ্থ প্ৰেমবোৰ হেৰাই,
সুভ্ৰতাৰ আঁৰত যেন
সাতটি ৰং লুকাই।
সাগৰৰ ঢৌৰ আৰে আৰে
সপোনবোৰ লুকাই যায়,
উজাগৰী ৰাতি বেদনাই
মোক লৈ ৰং চায়।
*****