তুমি থাকিবা
মোৰ হৃদয়ৰ
প্ৰতিটো স্পন্দনত,
আৰম্ভ হ'ব
প্ৰতিটো দিন
তোমাৰ সোঁৱৰণত।
তোমাৰ নামেই
হৃদয়ত প্ৰেমৰ
জোৱাৰ আনে,
তুমি নাথাকিলে
মোৰ মনে
নীৰৱে কান্দে।
তোমাৰ হাঁহিতেই
মোৰ দেহ
প্ৰাণ পাই উঠে,
তোমাৰ চকুৰ চাৱনিত
সপোনবোৰে নৃত্য
কৰিবলৈ ধৰে।
তোমাৰ মাততে
মোৰ জীৱন
সুৰ পাই উঠে,
তোমাৰ স্পৰ্শতে
মোৰ মৰম
জোনাকত পোহৰ
বিলাই ফুৰে।
*****