এটি ভগ্ন হৃদয়ৰ ষাঠিটা কবিতা
All the poems on this platform are penned by Nayanjyoti Roy. Based in Assam, Nayanjyoti balances a multifaceted life as an Assam Government Employee, an entrepreneur, and a web developer. This unique blend of analytical tech logic and creative insight shapes the deep emotional resonance found in every verse.
মোৰ 'অনুমতিহীন আৱেগ'ৰ কাষ চপাৰ বাবে আপোনাক অশেষ ধন্যবাদ। আপোনাৰ ব্যস্ত দিনটোৰ পৰা কেইটামান মুহূৰ্ত উলিয়াই এই কবিতাবোৰ পঢ়াৰ বাবে মই আপোনাৰ ওচৰত চিৰকৃতজ্ঞ।

এটুকুৰা ঠাই

বিচাৰিছোঁ এটুকুৰা ঠাই
তোমাৰ হৃদয়ত,
ভাবিছো অস্থিৰ মনটো
শান্ত কৰি লম।
বিচাৰিছোঁ এটুকুৰা ঠাই
তোমাৰ হৃদয়ত,
ভাবিছো অকণমান
নিস্বাৰ্থ মৰম পাম।
বিচাৰিছোঁ এটুকুৰা ঠাই
তোমাৰ হৃদয়ত,
ভাবিছো প্ৰেমেৰে
পৃথিৱী খন চাম।
বিচাৰিছোঁ এটুকুৰা ঠাই
তোমাৰ হৃদয়ত,
ভাবিছো জীয়াই থকাৰ
আশা অকণমান পাম।
*****