বাজি উঠে
নূপুৰৰ ধ্বনি
তোমাৰ ভৰিৰ খোজত,
ভাহি আহে
সুমধুৰ সংগীত
তোমাৰ শুৱলা মাতত।
সুৰুজে আঁতৰাই
নিশাৰ এন্ধাৰ,
গঢ়ি তোলে
সপোনৰ ৰংঘৰ,
বৈ আহে
সুগন্ধৰ মৃদু বতাহ
তোমাৰ হাতৰ পৰশত।
বাজি উঠে
চৰাই-চিৰিকতিৰ
শুৱলা সংগীত,
আৰম্ভ হয়
বিৰিখৰ মনোমোহা নৃত্য,
এক নিস্তব্ধ পৰিৱেশত
তোমাৰ আগমনত।
******